1️⃣।।জান্নাত আৰু জাহান্নাম।।
।। Jannat and Jahannam ।।
(আৰব্য উপন্যাসৰ দৰে মধুৰ পুল ছিৰাতৰ(Pul Sirat (الصراط)সাধু)
.
আৰব্য উপন্যাসৰ দৰে মধুৰ পুল ছিৰাতৰ(Pul Sirat (الصراط)সাধু:
(The story of Pul Sirat (الصراط) as sweet as an Arabic novel)
.
কোৰআন-১৯:৭১ ৰ তথাকথিত ওস্তাদে ব্যাখ্যা এনেদৰে কৰিছেঃ
১৯:৭১
وَإِنْ مِنْكُمْ إِلَّا وَارِدُهَا ۚ كَانَ عَلَىٰ رَبِّكَ حَتْمًا مَقْضِيًّا
আৰু তোমালোকৰ প্ৰত্যেকেই তাৰ (জাহান্নামৰ) ওপৰেদি অতিক্ৰম কৰিব; এইটো তোমাৰ প্ৰতিপালকৰ চূড়ান্ত সিদ্ধান্ত।
.
টোকা: - ইয়াৰ ব্যাখ্যা ছহীহ হাদীছত এইদৰে বৰ্ণনা কৰা হৈছে যে, জাহান্নামৰ ওপৰত এখন দলং থাকিব। সেইখনৰ ওপৰেদি প্ৰত্যেকজন মুমিন আৰু কাফিৰে পাৰ হ’ব লাগিব। মুমিন ব্যক্তিয়ে নিজৰ আমল অনুযায়ী সোনকালে বা লাহে ধীৰে পাৰ হৈ যাব। মানুহে সিহঁতৰ আমলৰ ভিত্তিত এই পুলচিৰাত অতিক্রম কৰিব। প্রথম ব্যক্তিয়ে বিদ্যুতৰ গতিত এই পুলচিৰাত অতিক্রম কৰিব। ইয়াৰ পিছৰ ব্যক্তিয়ে অতিক্রম কৰিব বতাহৰ বেগেৰে। তাৰ পিছৰ ব্যক্তিয়ে চৰাইৰ গতিত আৰু তাৰ পিছৰ ব্যক্তিয়ে পুৰুষৰ দৰে দ্ৰুত গতিত পাৰ হ’ব। আৰু ৰাছুলুল্লাহ্ (চাল্লাল্লাহ আলাইহি অছাল্লামে) পুলচিৰাতৰ ওচৰত থিয় হৈ ক’ব, হে আমাৰ ৰব্ব! (বিপদৰ পৰা) ৰক্ষা কৰা, ৰক্ষা কৰা। অৱশেষত বান্দাসকলৰ আমল ইমান কম হৈ যাব যে, ফলত আঁঠুকাঢ়ি পাৰ হ’বলৈ চেষ্টা কৰিব। আৰু পুলচিৰাতৰ দুয়োপাশে কাঁইটৰ নিচিনা লোৰে গঠিত কালালীব উলোমা থাকিব। আল্লাহ তা‘আলাৰ নিৰ্দেশানুযায়ী সেই কাইটে আঘাত কৰিব, যি ব্যক্তিয়ে পাৰ হ’ব পাৰিব সি নাজাত পাব আৰু যি ব্যক্তিয়ে সহ্য কৰিব নোৱাৰি পৰি যাব সি জাহান্নামত যাব। ইয়াৰ সমৰ্থন এই হাদীছৰ দ্বাৰাও হয়, আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে- “যিজন মুছলিমৰ তিনিজন (নাবালিগ) সন্তানে মৃত্যুবৰণ কৰিছে, তাক জাহান্নামৰ জুয়ে স্পৰ্শ নকৰে, কিন্তু কেৱল শপত পুৰণ হোৱাৰ সময়লৈকে।’’ (ছহীহ বুখাৰী, কিতাবুল জানাইয, পৰিচ্ছেদঃ ৬, হাদীছ নং ১২৫১,মুছলিম ৪৫/৪৭, হাদীছ নং ২৬৩২, আহমাদ ৭২২৯) উক্ত হাদীছত বৰ্ণিত হোৱা শপতটোৰ দ্বাৰা আয়াতৰ এই অংশৰ প্ৰতি ইংগিত কৰা হৈছে। “এইটো তোমাৰ প্ৰতিপালকৰ চূড়ান্ত সিদ্ধান্ত”। অৰ্থাৎ বুজা গ’ল যে, সেই ব্যক্তিৰ শাস্তি কেৱল ইমানখিনি সময় হ’ব যিখিনি সময় পুলচিৰাত পাৰ কৰিবলৈ লাগে। (আহছানুল বয়ান)
(Note: - This is explained in the Sahih Hadith as follows: There will be a bridge over Hell. Every believer and disbeliever must pass over it. The believer will pass away sooner or later according to his deeds. People will cross this puddle based on their deeds. The first person will cross the bridge at lightning speed. The next person will cross at wind speed. The next person will cross at the speed of a bird and the next person will cross as fast as a man. And the Messenger of Allah (peace and blessings of Allah be upon him) will stand near the Pul Sirat (الصراط) and say, 'Our Lord! Protect (from danger), protect. Eventually, the deeds of the servants will become so low that they will try to cross on their knees. and there shall be hangings of iron like thorns on both sides of the pool. The kite will strike by the command of Allah, whoever can cross will be saved and whoever cannot bear it will go to Hell. This is also supported by the hadith narrated by Abu Hurayrah that the Prophet (peace and blessings of Allaah be upon him) said, “The Fire of Hell will not touch a Muslim whose three (minor) children have died, Janaiz, paragraph: 6, Hadith No. 1251, Muslim 45/47, Hadith No. 2632, Ahmad 7229) The oath narrated in the said hadith refers to this part of the verse: “This is the final decision of your Lord”. (Ahsanul Bayan)
.
continue...next(2)𝗛𝗲𝗹𝗹 𝗼𝗿 𝗛𝗲𝗮𝘃𝗲𝗻 𝗶𝘀 𝗻𝗼𝘁 𝗮 𝗽𝗹𝗮𝗰𝗲 𝗯𝘂𝘁 𝗮 𝘀𝘁𝗮𝘁𝗲 𝗼𝗳 𝗺𝗶𝗻𝗱.
.
.
Assamese Decoding Quran
No comments:
Post a Comment